Show/Hide Keyboard Layout

চকুৰ পানীৰে এগছি চাকি

- মিন্টু কুমাৰ নাথ

চকুৰ পানীৰে এগছি চাকি জ্বলালো তোমালে বুলি

জ্বলালো তোমালে বুলি

স্মৃতি বুটলি

দুহাত সাবটি

আঁকিলো তোমাৰে ছবি

মনৰে ফুলনি সাঁজি।

উকা দুহাত আৰু

উকা এই মন,

নোৱাৰি থাকিব জানা

এটি এটি ক্ষণ

সময়ে জানা

দিয়ে প্ৰেৰণা

আশা নিৰাশাৰে খেলা

চাবলে নোৱাৰি জানা।।

Hits: 3563